VERSES ON SHIRK IN QURAN

🌍ইছলামৰ প্ৰথম খোজটোৱেই শ্বিৰ্ক নকৰা🌏
💭VERSES ON SHIRK IN QURAN💭:-
(cut lines are virus,  it's ok lines)
.
AL- BAQARA:165, AL- IMRAN:64, 151, AN -NISA:36, 48, 116, MAIDA:72, ANAM:19, 41, 64, 78, 81, 88, 94, 100, 107, 136, 137, 148, 151, 162, 163, ANAM:163, ARAF:33, 173, 190, 191, 195, AT TAWBA 9:31, YUNUS :18, 71, YUSUF:38, 106, AR- RAD:16, 33, 36, IBRAHIM:22, AN -NAHL:1, 3, 27, 54, 100, AL- KAHF:26, 38, 42, 52, 110, AL- HAJJ:31, AL- MUMINUN:59, 92, AN -NUR:55, AN NAML:59, 63, AL -QASAS:62, 64, 68, 74, AL- ANKABUT:8, 65, AR -RUM:13, 28, 33, 35, 40, LUQMAN:13, 14, 15, SABA:22, 27, FATIR:14, 40, AZ- ZUMAR:29, 65, GHAFIR:12, 42, 73, 84, FUSSILAT:47, ASH- SHURA:21, AL- AHQAF:4, ADH- DHAIYAT:51, AL- HASHR:23, AL- MUMTAHANA:12, AL- QALAM:41, AL- JINN:2, 20#
.
١٦٥:٢
وَمِنَ النَّاسِ مَنْ يَتَّخِذُ مِنْ دُونِ اللَّهِ أَنْدَادًا يُحِبُّونَهُمْ كَحُبِّ اللَّهِ ۖ وَالَّذِينَ آمَنُوا أَشَدُّ حُبًّا لِلَّهِ ۗ وَلَوْ يَرَى الَّذِينَ ظَلَمُوا إِذْ يَرَوْنَ الْعَذَابَ أَنَّ الْقُوَّةَ لِلَّهِ جَمِيعًا وَأَنَّ اللَّهَ شَدِيدُ الْعَذَابِ
২:১৬৫
আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যিসকলে আল্লাহৰ বাহিৰে আনক আল্লাহৰ সমকক্ষৰূপে গ্ৰহণ কৰে, সিহঁতে সিহঁতক আল্লাহৰ দৰেই ভাল পায়; আনহাতে যিসকলে ঈমান আনিছে সিহঁতে আল্লাহক সৰ্বাধিক ভাল পায়; আৰু যিসকলে অন্যায় কৰিছে সিহঁতে যদি আযাব দেখিবলৈ পালেহেঁতেন (তেন্তে সিহঁত নিশ্চিত হ’লেহেঁতেন যে,) নিশ্চয় সকলো শক্তি আল্লাহৰেই; আৰু নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।
.
٦٤:٣
قُلْ يَا أَهْلَ الْكِتَابِ تَعَالَوْا إِلَىٰ كَلِمَةٍ سَوَاءٍ بَيْنَنَا وَبَيْنَكُمْ أَلَّا نَعْبُدَ إِلَّا اللَّهَ وَلَا نُشْرِكَ بِهِ شَيْئًا وَلَا يَتَّخِذَ بَعْضُنَا بَعْضًا أَرْبَابًا مِنْ دُونِ اللَّهِ ۚ فَإِنْ تَوَلَّوْا فَقُولُوا اشْهَدُوا بِأَنَّا مُسْلِمُونَ
৩:৬৪
কোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰো, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰো আৰু আমাৰ মাজৰ কোনোৱে যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থকা যে, নিশ্চয় আমি মুছলিম’।
.
١٥١:٣
سَنُلْقِي فِي قُلُوبِ الَّذِينَ كَفَرُوا الرُّعْبَ بِمَا أَشْرَكُوا بِاللَّهِ مَا لَمْ يُنَزِّلْ بِهِ سُلْطَانًا ۖ وَمَأْوَاهُمُ النَّارُ ۚ وَبِئْسَ مَثْوَى الظَّالِمِينَ
৩:১৫১
অনতিপলমে আমি কাফিৰসকলৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম, যিহেতু সিহঁতে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছে, যাৰ সপক্ষে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই; সিহঁতৰ আবাস হৈছে জাহান্নাম, আৰু যালিমসকলৰ আবাস কিমান যে নিকৃষ্ট!
.
➡extract.syedraf🔛30.06.2018⬅

Comments

Popular Posts