Kabar azab? br. Imran video
Kabar azab? br. Imran vdo:-
.
♿(Submitted by muhibur in fb...I H article of jamata AH assam)THE VIDEO AT BOTTOM...
.
♿♻(Ayats mentioned in the video:- 6:93,94 + 8:50 + 16:28,29 + 40:44 + 47:27 + 80:21).
.
♿♻⚽✍আল আনাম: ৬:৯২(not mentioned),৬:৯৩, ৬:৯৪
٩٢:٦
وَهَٰذَا كِتَابٌ أَنْزَلْنَاهُ مُبَارَكٌ مُصَدِّقُ الَّذِي بَيْنَ يَدَيْهِ وَلِتُنْذِرَ أُمَّ الْقُرَىٰ وَمَنْ حَوْلَهَا ۚ وَالَّذِينَ يُؤْمِنُونَ بِالْآخِرَةِ يُؤْمِنُونَ بِهِ ۖ وَهُمْ عَلَىٰ صَلَاتِهِمْ يُحَافِظُونَ
৬:৯২
আৰু এইটো বৰকতময় কিতাব যিটো আমি অৱতীৰ্ণ কৰিছো, যিটো ইয়াৰ আগৰ সকলো কিতাবৰ সত্যায়নকাৰী আৰু যিটোৰ দ্বাৰা তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা মানুহক সতৰ্ক কৰা। আৰু যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকে ইয়াৰ প্ৰতিও ঈমান পোষণ কৰে, আৰু তেওঁলোক নিজ ছালাতৰ প্ৰতি যত্নবান।
.
٩٣:٦
وَمَنْ أَظْلَمُ مِمَّنِ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا أَوْ قَالَ أُوحِيَ إِلَيَّ وَلَمْ يُوحَ إِلَيْهِ شَيْءٌ وَمَنْ قَالَ سَأُنْزِلُ مِثْلَ مَا أَنْزَلَ اللَّهُ ۗ وَلَوْ تَرَىٰ إِذِ الظَّالِمُونَ فِي غَمَرَاتِ الْمَوْتِ وَالْمَلَائِكَةُ بَاسِطُو أَيْدِيهِمْ أَخْرِجُوا أَنْفُسَكُمُ ۖ الْيَوْمَ تُجْزَوْنَ عَذَابَ الْهُونِ بِمَا كُنْتُمْ تَقُولُونَ عَلَى اللَّهِ غَيْرَ الْحَقِّ وَكُنْتُمْ عَنْ آيَاتِهِ تَسْتَكْبِرُونَ
৬:৯৩
আৰু সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, অথবা কয়, ‘মোৰ ওচৰত অহী আহে’, অথচ তাৰ ওচৰত একোৱেই অহী কৰা নহয়, আৰু যিয়ে কয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে ময়ো সিটোৰ দৰে অৱতীৰ্ণ কৰিম’; আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া যালিমসকল মৃত্যু যন্ত্ৰণাত থাকিব আৰু ফিৰিস্তাসকলে হাত বঢ়াই ক’ব, ‘তোমালোকে নিজৰ প্ৰাণ উলিয়াই আনা। আজি তোমালোকক লাঞ্ছনাদায়ক শাস্তি দিয়া হ’ব, কাৰণ তোমালোকে আল্লাহৰ ওপৰত অসত্য কথা কৈছা আৰু তেওঁৰ আয়াতসমূহ সম্পৰ্কে অহংকাৰ কৰিছিলা’।
.
٩٤:٦
وَلَقَدْ جِئْتُمُونَا فُرَادَىٰ كَمَا خَلَقْنَاكُمْ أَوَّلَ مَرَّةٍ وَتَرَكْتُمْ مَا خَوَّلْنَاكُمْ وَرَاءَ ظُهُورِكُمْ ۖ وَمَا نَرَىٰ مَعَكُمْ شُفَعَاءَكُمُ الَّذِينَ زَعَمْتُمْ أَنَّهُمْ فِيكُمْ شُرَكَاءُ ۚ لَقَدْ تَقَطَّعَ بَيْنَكُمْ وَضَلَّ عَنْكُمْ مَا كُنْتُمْ تَزْعُمُونَ
৬:৯৪
নিশ্চয় তোমালোকে আমাৰ ওচৰত নিঃসঙ্গ অৱস্থাত আহিছা, যিদৰে আমি তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছিলো, আৰু আমি তোমালোকক যি প্ৰদান কৰিছিলো সেয়া তোমালোকে নিজৰ পিছফালে এৰি থৈ আহিছা। তোমালোকে যিসকলক তোমালোকৰ বাবে (আল্লাহৰ লগত) অংশী বুলি ভাৱিছিলা, সেই ছুপাৰিছকাৰী বিলাকো দেখুন তোমালোকৰ লগত নাই। তোমালোকৰ মাজৰ সম্পৰ্ক নিশ্চয় বিচ্ছিন্ন হৈছে আৰু তোমালোকে যিটো ধাৰণা কৰিছিলা সেইটোও তোমালোকৰ পৰা হেৰাই গৈছে।
✈(ssis-ইয়াত কবৰৰ আজাব ক'ত আছে? ইয়াত আখিৰাতৰ আৰু মৃত্যুৰ আগ মূৰ্হুত্তৰ কথা আছে-" যালিমসকল মৃত্যু যন্ত্ৰণাত থাকিব আৰু ফিৰিস্তাসকলে হাত বঢ়াই ক’ব, ‘তোমালোকে নিজৰ প্ৰাণ উলিয়াই আনা")।
.
♿♻⚽✍আল আনফালঃ ৮:৫০, ৮:৫১[Not mentioned]
٥٠:٨
وَلَوْ تَرَىٰ إِذْ يَتَوَفَّى الَّذِينَ كَفَرُوا ۙ الْمَلَائِكَةُ يَضْرِبُونَ وُجُوهَهُمْ وَأَدْبَارَهُمْ وَذُوقُوا عَذَابَ الْحَرِيقِ
৮:৫০
আৰু যদি তুমি দেখিলাহেঁতেন যেতিয়া ফিৰিস্তাসকলে কাফিৰসকলৰ প্ৰাণ হৰণ কৰিছিল, তেতিয়া সিহঁতৰ মুখমণ্ডলত আৰু পিঠিত আঘাত কৰি কৈছিল, ‘তোমালোকে দহনযন্ত্ৰণা ভোগ কৰা’।
.
٥١:٨
ذَٰلِكَ بِمَا قَدَّمَتْ أَيْدِيكُمْ وَأَنَّ اللَّهَ لَيْسَ بِظَلَّامٍ لِلْعَبِيدِ
৮:৫১
এয়া তোমালোকে পূৰ্বে নিজ হাতেৰে পঠোৱা কৰ্মৰ প্ৰতিফল। আল্লাহে তেওঁৰ বান্দাসকলৰ ওপৰত কেতিয়াও অবিচাৰ নকৰে।
✈(ssis-ইয়াত কবৰৰ আজাব ক'ত আছে? মৃত্যুৰ আগৰ কথা-" ফিৰিস্তাসকলে কাফিৰসকলৰ প্ৰাণ হৰণ কৰিছিল")।
.
♿♻⚽✍আন নহলঃ ১৬:২৭।(Not mentioned),১৬:২৮, ১৬:২৯
٢٧:١٦
ثُمَّ يَوْمَ الْقِيَامَةِ يُخْزِيهِمْ وَيَقُولُ أَيْنَ شُرَكَائِيَ الَّذِينَ كُنْتُمْ تُشَاقُّونَ فِيهِمْ ۚ قَالَ الَّذِينَ أُوتُوا الْعِلْمَ إِنَّ الْخِزْيَ الْيَوْمَ وَالسُّوءَ عَلَى الْكَافِرِينَ
১৬:২৭
পিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক লাঞ্ছিত কৰিব আৰু তেওঁ ক’ব, ‘মোৰ সেই অংশীদাৰবোৰ ক’ত, যিবোৰৰ বিষয়ে তোমালোকে ঘোৰ বাক-বিতণ্ডা কৰিছিলা’? যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’ব, ‘নিশ্চয় আজি লাঞ্ছনা আৰু অমঙ্গল কাফিৰসকলৰ ওপৰত।
.
٢٨:١٦
الَّذِينَ تَتَوَفَّاهُمُ الْمَلَائِكَةُ ظَالِمِي أَنْفُسِهِمْ ۖ فَأَلْقَوُا السَّلَمَ مَا كُنَّا نَعْمَلُ مِنْ سُوءٍ ۚ بَلَىٰ إِنَّ اللَّهَ عَلِيمٌ بِمَا كُنْتُمْ تَعْمَلُونَ
১৬:২৮
যিবিলাকে নিজৰ প্ৰতি অন্যায় কৰি থকা অৱস্থাতেই ফিৰিস্তাসকলে সিহঁতৰ মৃত্যু ঘটাব, তেতিয়া সিহঁতে আত্মসমৰ্পণ কৰি ক’ব, ‘আমি কোনো বেয়া কাম কৰা নাছিলো’। হয়, নিশ্চয় তোমালোকে যি কৰিছিলা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।
.
٢٩:١٦
فَادْخُلُوا أَبْوَابَ جَهَنَّمَ خَالِدِينَ فِيهَا ۖ فَلَبِئْسَ مَثْوَى الْمُتَكَبِّرِينَ
১৬:২৯
এতেকে তোমালোকে জাহান্নামৰ দুৱাৰসমূহৰে তাত স্থায়ী হৈ প্ৰৱেশ কৰা। এতেকে চোৱা, অহংকাৰীসকলৰ আবাসস্থল কিমান নিকৃষ্ট।
✈(ssis-ইয়াত কবৰৰ আজাব ক'ত আছে? ইয়াত আছে-" কিয়ামতৰ দিন, মৃত্যুৰ আগত ফিৰিস্তাসকলে সিহঁতৰ মৃত্যু ঘটাব, আৰু জাহান্নামৰ কথা আছে)।
.
♿♻⚽✍গা'ফিৰঃ ৪০:৪৩(not mentioned), ৪০:৪৪,
৪০:৪৫(not mentioned),
٤٣:٤٠
لَا جَرَمَ أَنَّمَا تَدْعُونَنِي إِلَيْهِ لَيْسَ لَهُ دَعْوَةٌ فِي الدُّنْيَا وَلَا فِي الْآخِرَةِ وَأَنَّ مَرَدَّنَا إِلَى اللَّهِ وَأَنَّ الْمُسْرِفِينَ هُمْ أَصْحَابُ النَّارِ
৪০:৪৩
‘এই বিষয়ে কোনো সন্দেহ নাই যে, তোমালোকে মোক যাৰ ফালে আহ্বান কৰি আছা, সি পৃথিৱী আৰু আখিৰাতৰ কতো আহ্বানৰ যোগ্য নহয়। আমাৰ প্ৰত্যাৱৰ্তন কেৱল আল্লাহৰ পিনে আৰু নিশ্চয় সীমালংঘনকাৰী বিলাক অগ্নিৰ অধিবাসী।
.
٤٤:٤٠
فَسَتَذْكُرُونَ مَا أَقُولُ لَكُمْ ۚ وَأُفَوِّضُ أَمْرِي إِلَى اللَّهِ ۚ إِنَّ اللَّهَ بَصِيرٌ بِالْعِبَادِ
৪০:৪৪
‘এতেকে মই তোমালোকক যি কলো, সেয়া তোমালোকে অচিৰেই স্মৰণ কৰিবা; আৰু মই মোৰ (যাৱতীয়) বিষয় আল্লাহৰ ওচৰত সমৰ্পন কৰিছো। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি সৰ্বদ্ৰষ্টা’।
.
٤٥:٤٠
فَوَقَاهُ اللَّهُ سَيِّئَاتِ مَا مَكَرُوا ۖ وَحَاقَ بِآلِ فِرْعَوْنَ سُوءُ الْعَذَابِ
৪০:৪৫
ফলত আল্লাহে তেওঁক সিহঁতৰ যড়যন্ত্ৰৰ অনিষ্টৰ পৰা ৰক্ষা কৰিলে আৰু ফিৰআউন গোষ্ঠীক কঠিন শাস্তিয়ে ঘেৰি পেলালে।
✈(ssis-ইয়াত কবৰৰ আজাব ক'ত আছে? ইয়াত আছে-" আখিৰাতত অগ্নিৰ অধিবাসী কৰিব ফিৰআউন গোষ্ঠীক আৰু কঠিন শাস্তিয়ে ঘেৰি পেলালে")।
.
♿♻⚽✍মুহাম্মদঃ
٢٧:٤٧
فَكَيْفَ إِذَا تَوَفَّتْهُمُ الْمَلَائِكَةُ يَضْرِبُونَ وُجُوهَهُمْ وَأَدْبَارَهُمْ
৪৭:২৭
এতেকে সেই সময়ত সিহঁতৰ কি দশা হ’ব! যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডল আৰু পিঠিত মৰিয়াই মৰিয়াই প্ৰাণ হৰণ কৰিব!
✈(ssis-এয়া কবৰৰ আজাব নেকি?)।
.
♿♻⚽✍আবাছাঃ ৮০:২১, ৮০:২২(not mentioned).
٢١:٨٠
ثُمَّ أَمَاتَهُ فَأَقْبَرَهُ
৮০:২১
তাৰ পিছত তাক মৃত্যু প্ৰদান কৰিলে আৰু কবৰস্থ কৰিলে।
.
٢٢:٨٠
ثُمَّ إِذَا شَاءَ أَنْشَرَهُ
৮০:২২
আকৌ যেতিয়া তেওঁ ইচ্ছা কৰিব তাক পুনৰ্জীৱিত কৰিব।
✈(ssis-ইয়াত কবৰৰ আজাব ক'ত আছে?)।
.
✨VIDEO LECTURED BY BR.IMRAN
SUBMITTED BY MUHIBUR RAHMAN
https://m.youtube.com/watch?feature=youtu.be&v=ftomO9fImjE
❇-ssis.04.06.17-
Comments
Post a Comment