about sunnat salat jsy

#about sunnat salat jsy#
.
❇আল্লাহৰ সৃষ্টি জগতত আল্লাহৰ বাহিৰে  কাৰো হুকুম নচলে। গতিকে ছালাতৰ হুকুম কেৱল তেওঁৰেই; কোনো নবী অথবা ৰছুলে ছালাতৰ হুকুম দিব নোৱাৰে ।
1- সৃজন আৰু আদেশ কেৱল তেওঁৰেই(আল্লাহৰ)-7:54
.
❇ছালাতৰ হুকুম কোনে দিব, আল্লাহে নে ৰছুলে?
2- আল্লাহ তা'লাই ছালাত প্ৰতিষ্ঠা কৰাৰ হুকুম দিছে- 2:43
.
❇-চাহাবাসকলৰ যিকোনো প্ৰশ্নোত্তৰ ৰছুলে(স:খা:নবী) অহীপ্ৰাপ্ত কোৰআন মজিদৰ পৰাই দিছিল।
3- এই কোৰআন মোৰ ওচৰত অহী কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰো-6:19
.
❇ৰছুলৰ বাবে চুন্নত ছালাত পঢ়িব লাগিব বুলি কোৰআন মজিদৰ ক'তো নাই।
-আৰু যিসকলে চুন্নত ছালাত পঢ়িছে, সেই হুকুম কোনে দিছে? কাৰণ আল্লাহ তা'লাৰ সাম্ৰাজ্যত তেওঁৰ বাহিৰে কাৰো হুকুম চলিবই নোৱাৰে আৰু কাকো অংশীদাৰ নকৰে।
4- আল্লাহ তা'লাই কাকো নিজ কৰ্তৃত্বত অংশীদাৰ নকৰে-18:26
.
❇মছজিদসমূহত ফৰজ ছালাতৰ বাদে আন কোনো এবাদত কৰাৰ হুকুম নাই(জুম্মা আৰু ৰমজানৰ বাদে)।
5-মছজিদসমূহ কেৱল আল্লাহৰ বাব-72:18
.
❇- চাহাবীসকল(ৰা:) এনেকুৱা নহয়যে তেওঁলোকে ফৰজৰ লগতে চুন্নত ছালাটো পঢ়িব!! এফালে ভাল কাম কৰিব আকৌ আনফালে বেয়া কাম কৰিব: এনে নহয়।তেওঁলোক আছিল উন্নত মানৰ।
6- নিশ্চয় ছালাতে অশ্লীল আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে-29:45
.
❇ৰছুলে আল্লাহ তা'লাৰ এবাদতৰ লগত কাকো
অংশীদাৰ কৰিবই নোৱাৰে।
7- ৰছুলে(স:খা:নবী) কৈছেঃ মোৰ ছালাত, মোৰ কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে-6:162
8- তেওঁ কাকো নিজ কৰ্তৃত্বত অংশীদাৰ নকৰে-18:118
9- আল্লাহৰ সমতুল্য কোনো নাই-112:4

.
✈Alia✈24.6.2017✈
.

✨♻References:-
.
আল আৰাফঃ 7:54
٥٤:٧
إِنَّ رَبَّكُمُ اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ يُغْشِي اللَّيْلَ النَّهَارَ يَطْلُبُهُ حَثِيثًا وَالشَّمْسَ وَالْقَمَرَ وَالنُّجُومَ مُسَخَّرَاتٍ بِأَمْرِهِ ۗ أَلَا لَهُ الْخَلْقُ وَالْأَمْرُ ۗ تَبَارَكَ اللَّهُ رَبُّ الْعَالَمِينَ
৭:৫৪
নিশ্চয় তোমালোকৰ ৰব আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। প্ৰত্যেকটোৱে এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহ, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। সৃষ্টিজগতৰ ৰব আল্লাহ কিমান বৰকতময়।
.
২:৪৩

٤٣:٢
وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَارْكَعُوا مَعَ الرَّاكِعِينَ
২:৪৩
আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে ৰুকুকাৰী সকলৰ লগত ৰুকু কৰা।
.
আল আনামঃ
١٩:٦
قُلْ أَيُّ شَيْءٍ أَكْبَرُ شَهَادَةً ۖ قُلِ اللَّهُ ۖ شَهِيدٌ بَيْنِي وَبَيْنَكُمْ ۚ وَأُوحِيَ إِلَيَّ هَٰذَا الْقُرْآنُ لِأُنْذِرَكُمْ بِهِ وَمَنْ بَلَغَ ۚ أَئِنَّكُمْ لَتَشْهَدُونَ أَنَّ مَعَ اللَّهِ آلِهَةً أُخْرَىٰ ۚ قُلْ لَا أَشْهَدُ ۚ قُلْ إِنَّمَا هُوَ إِلَٰهٌ وَاحِدٌ وَإِنَّنِي بَرِيءٌ مِمَّا تُشْرِكُونَ
৬:১৯
কোৱা, ‘কোনটো বস্তু আটাইতকৈ ডাঙৰ সাক্ষী’? কোৱা, ‘আল্লাহ, মোৰ আৰু তোমালোকৰ মাজত সাক্ষ্যদাতা, আৰু এই কোৰআন মোৰ ওচৰত অহী কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰো। তোমালোকে এই সাক্ষী বহন কৰা নেকি যে, আল্লাহৰ লগত আন কোনোবা ইলাহ আছে’? কোৱা, ‘মই এই সাক্ষ্য নিদিওঁ’। কোৱা, ‘তেৱেঁই হৈছে একমাত্ৰ প্ৰকৃত ইলাহ আৰু তোমালোকে যি অংশীদাৰ স্থাপন কৰা তাৰ পৰা মই নিশ্চয় বিমুক্ত’।
.
আল কাহাফঃ
٢٦:١٨
قُلِ اللَّهُ أَعْلَمُ بِمَا لَبِثُوا ۖ لَهُ غَيْبُ السَّمَاوَاتِ وَالْأَرْضِ ۖ أَبْصِرْ بِهِ وَأَسْمِعْ ۚ مَا لَهُمْ مِنْ دُونِهِ مِنْ وَلِيٍّ وَلَا يُشْرِكُ فِي حُكْمِهِ أَحَدًا
১৮:২৬
কোৱা, ‘সিহঁতে কিমান সময় অৱস্থান কৰিছিল সেয়া আল্লাহেই ভালকৈ জানে’, আকাশসমূহ আৰু পৃথিৱীৰ গায়েবৰ জ্ঞান কেৱল তেওঁৰেই। তেওঁ কিমান সুন্দৰ দ্ৰষ্টা আৰু শ্ৰোতা! তেওঁৰ বাহিৰে সিহঁতৰ আন কোনো অভিভাৱক নাই। তেওঁ কাকো নিজ কৰ্তৃত্বত অংশীদাৰ নকৰে।
.
আল জিনঃ 72:18
١٨:٧٢
وَأَنَّ الْمَسَاجِدَ لِلَّهِ فَلَا تَدْعُوا مَعَ اللَّهِ أَحَدًا
৭২:১৮
আৰু নিশ্চয় মছজিদসমূহ আল্লাহৰ বাবেই, গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।
.
আল আংকাবুতঃ 29:45
٤٥:٢٩
اتْلُ مَا أُوحِيَ إِلَيْكَ مِنَ الْكِتَابِ وَأَقِمِ الصَّلَاةَ ۖ إِنَّ الصَّلَاةَ تَنْهَىٰ عَنِ الْفَحْشَاءِ وَالْمُنْكَرِ ۗ وَلَذِكْرُ اللَّهِ أَكْبَرُ ۗ وَاللَّهُ يَعْلَمُ مَا تَصْنَعُونَ
২৯:৪৫
তোমাৰ প্ৰতি যি কিতাব অহী কৰা হয়, তাৰ পৰা তুমি তিলাৱত কৰা আৰু ছালাত কায়েম কৰা। নিশ্চয় ছালাতে অশ্লীল আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে। আৰু আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ। তোমালোকে যি কৰা আল্লাহে সেয়া জানে।
.
আল আনামঃ 6:162
١٦٢:٦
قُلْ إِنَّ صَلَاتِي وَنُسُكِي وَمَحْيَايَ وَمَمَاتِي لِلَّهِ رَبِّ الْعَالَمِينَ
৬:১৬২
কোৱা, ‘মোৰ ছালাত, মোৰ কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে’।
.
আল কাহফঃ 18:110
١١٠:١٨
قُلْ إِنَّمَا أَنَا بَشَرٌ مِثْلُكُمْ يُوحَىٰ إِلَيَّ أَنَّمَا إِلَٰهُكُمْ إِلَٰهٌ وَاحِدٌ ۖ فَمَنْ كَانَ يَرْجُو لِقَاءَ رَبِّهِ فَلْيَعْمَلْ عَمَلًا صَالِحًا وَلَا يُشْرِكْ بِعِبَادَةِ رَبِّهِ أَحَدًا
১৮:১১০
কোৱা, ‘মই তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী হয় যে, তোমালোকৰ ইলাহ একমাত্ৰ সত্য ইলাহ। সেয়ে যিয়ে তাৰ প্ৰতিপালকৰ সাক্ষাত কামনা কৰে, তাৰ উচিত সৎকৰ্ম কৰা আৰু তাৰ প্ৰতিপালকৰ ইবাদতত আন কাকো অংশী নকৰা’।
.
আল ইখলাছঃ 112:4
٤:١١٢
وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ
১১২:৪
আৰু তেওঁৰ সমতুল্য কোনো নাই।
.

sourse.Jsy
https://youtu.be/VkZz1KM9cyw
.
More added by Ghd

Comments

Popular Posts