❤উপবাস/ছাওম/ৰোজা❤ ⛽ভাগ-১

❤উপবাস/ছাওম/ৰোজা❤
ভাগ-১
.
✨ প্ৰত্যেক যুগত এক নিৰ্দিষ্ট সময়ৰ বাবে আল্লাহ তা'লাই মানুহক সুসংবাদৰ বাবে হক আৰু সতৰ্কৰ বাবে বাতিলৰ  সংবাদ প্ৰেৰণ কৰোৱাবলৈ পয়গম্বৰসকলক এই পৃথিৱীলৈ পঠিয়াইছিল।
.

✍আল বাকাৰাৰ-২:২১৩ নং আয়াতত কৈছেঃ-
٢١٣:٢
كَانَ النَّاسُ أُمَّةً وَاحِدَةً فَبَعَثَ اللَّهُ النَّبِيِّينَ مُبَشِّرِينَ وَمُنْذِرِينَ وَأَنْزَلَ مَعَهُمُ الْكِتَابَ بِالْحَقِّ لِيَحْكُمَ بَيْنَ النَّاسِ فِيمَا اخْتَلَفُوا فِيهِ ۚ وَمَا اخْتَلَفَ فِيهِ إِلَّا الَّذِينَ أُوتُوهُ مِنْ بَعْدِ مَا جَاءَتْهُمُ الْبَيِّنَاتُ بَغْيًا بَيْنَهُمْ ۖ فَهَدَى اللَّهُ الَّذِينَ آمَنُوا لِمَا اخْتَلَفُوا فِيهِ مِنَ الْحَقِّ بِإِذْنِهِ ۗ وَاللَّهُ يَهْدِي مَنْ يَشَاءُ إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
২:২১৩
সকলো মানুহৰ এটাই উম্মত আছিল। তাৰ পিছত আল্লাহে নবীসকলক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিলে আৰু তেওঁলোকৰ লগত সত্যসহ কিতাব অৱতীৰ্ণ কৰিলে যাতে মানুহে যিবোৰ বিষয়ত মতভেদ কৰিছিল সেইবোৰ মীমাংসা কৰিব পাৰে; আৰু যিসকলক এইটো দিয়া হৈছিল, স্পষ্ট নিদৰ্শন সিহঁতৰ ওচৰত অহাৰ পিছতো কেৱল পৰস্পৰ বিদ্বেষবশত সেই বিষয়ত সিহঁতে বিৰোধিতা কৰিছিল। তাৰ পিছত আল্লাহে তেওঁৰ ইচ্ছাক্ৰমে ঈমান্দাৰসকলক সেই সত্য বিষয়ত হিদায়ত কৰিছে, যি বিষয়ে সিহঁতে মতানৈক্য সৃষ্টি কৰিছিল; আৰু আল্লাহে যাক ইচ্ছা সৰল পথৰ ফালে হিদায়ত কৰে।
.
সুসংবাদ = مُبَشِّرِينَ
✍উদাহৰণ হিচাবে আল ইমৰাণৰ ৩:৪৫ নং আয়াতৰ কথা ক'ব পাৰিঃ-
٤٥:٣
إِذْ قَالَتِ الْمَلَائِكَةُ يَا مَرْيَمُ إِنَّ اللَّهَ يُبَشِّرُكِ بِكَلِمَةٍ مِنْهُ اسْمُهُ الْمَسِيحُ عِيسَى ابْنُ مَرْيَمَ وَجِيهًا فِي الدُّنْيَا وَالْآخِرَةِ وَمِنَ الْمُقَرَّبِينَ
৩:৪৫
স্মৰণ কৰা, যেতিয়া ফিৰিস্তাসকলে ক’লে, ‘হে মাৰইয়াম! নিশ্চয় আল্লাহে আপোনাক তেওঁৰ তৰফৰ পৰা এটা কালিমাৰ সুসংবাদ দিছে। যাৰ নাম মছীহ, মাৰইয়ামৰ পুত্ৰ ঈছা, তেওঁ পৃথিৱী আৰু পৰকালত সন্মানিত আৰু সান্নিধ্যপ্ৰাপ্তসকলৰ অন্যতম হ’ব।
.
♻পয়গম্বৰসকলৰ মুখেদি আল্লাহ তা'লাই তেওঁৰ আদেশ, নিষেধ, সংবাদবোৰ প্ৰকাশ কৰায়।
.
✍আল ইমৰাণৰ-৩:৪৭:-
.
٤٧:٣
قَالَتْ رَبِّ أَنَّىٰ يَكُونُ لِي وَلَدٌ وَلَمْ يَمْسَسْنِي بَشَرٌ ۖ قَالَ كَذَٰلِكِ اللَّهُ يَخْلُقُ مَا يَشَاءُ ۚ إِذَا قَضَىٰ أَمْرًا فَإِنَّمَا يَقُولُ لَهُ كُنْ فَيَكُونُ
৩:৪৭
তেওঁ (মাৰইয়ামে) ক’লে, ‘হে মোৰ ৰব! কেনেকৈ মোৰ সন্তান হ’ব? অথচ কোনো পুৰুষেই মোক স্পৰ্শ কৰা নাই’। তেওঁ (আল্লাহে) ক’লে, ‘এনেকৈয়ে’, আল্লাহে যি ইচ্ছা সৃষ্টি কৰে। তেওঁ যেতিয়া কোনো বিষয়ে সিদ্ধান্ত লয় তেতিয়া কেৱল তেওঁ কয়, ‘হ’, ফলত সেইটো হৈ যায়।
(তফচীৰ হব লাগিব কোৰআনৰ পৰাই। উক্ত আয়াতৰ তফচীৰ তলত ১৯:২৬-৩০ চাওঁক )।
.
♻ছাওম/ৰোজা:-
.
✍মাৰিআম-১৯:২৬
٢٦:١٩
فَكُلِي وَاشْرَبِي وَقَرِّي عَيْنًا ۖ فَإِمَّا تَرَيِنَّ مِنَ الْبَشَرِ أَحَدًا فَقُولِي إِنِّي نَذَرْتُ لِلرَّحْمَٰنِ صَوْمًا فَلَنْ أُكَلِّمَ الْيَوْمَ إِنْسِيًّا
১৯:২৬
এতেকে খোৱা, পান কৰা আৰু চকু জুৰ পেলোৱা। যদি কোনো মানুহৰ লগত তোমাৰ দেখা হয় তেন্তে ক’বা, ‘মই ৰহমানৰ উদ্দেশ্যে মৌনতা অৱলম্বনৰ মানত কৰিছো। সেয়ে মই আজি কাৰো লগত কথা নকওঁ’।
.
٢٧:١٩
فَأَتَتْ بِهِ قَوْمَهَا تَحْمِلُهُ ۖ قَالُوا يَا مَرْيَمُ لَقَدْ جِئْتِ شَيْئًا فَرِيًّا
১৯:২৭
তাৰ পিছত তেওঁ কেঁচুৱাটিক লৈ নিজ সম্প্ৰদায়ৰ ওচৰত উপস্থিত হ’ল, সিহঁতে ক’লে, ‘হে মাৰইয়াম! অৱশ্যে তুমি এটা অদ্ভূত বিষয় লৈ আহিছা’।
.
٢٨:١٩
يَا أُخْتَ هَارُونَ مَا كَانَ أَبُوكِ امْرَأَ سَوْءٍ وَمَا كَانَتْ أُمُّكِ بَغِيًّا
১৯:২৮
‘হে হাৰূনৰ ভগ্নী! তোমাৰ পিতৃ কিন্তু অসৎ ব্যক্তি নাছিল আৰু তোমাৰ মাতৃও ব্যভিচাৰিণী নাছিল’।
.
٢٩:١٩
فَأَشَارَتْ إِلَيْهِ ۖ قَالُوا كَيْفَ نُكَلِّمُ مَنْ كَانَ فِي الْمَهْدِ صَبِيًّا
১৯:২৯
তেতিয়া মাৰইয়ামে কেঁচুৱাটিৰ প্ৰতি ইংগিত কৰিলে। সিহঁতে ক’লে, ‘দোলনাত থকা এটি কেঁচুৱাৰ লগত আমি কেনেকৈ কথা পাতিম’?
.
٣٠:١٩
قَالَ إِنِّي عَبْدُ اللَّهِ آتَانِيَ الْكِتَابَ وَجَعَلَنِي نَبِيًّا
১৯:৩০
কেঁচুৱাটোৱে মাত লগালে, ‘নিশ্চয় মই এজন আল্লাহৰ বান্দা। তেৱেঁই মোক কিতাব প্ৰদান কৰিছে আৰু মোক নবী বনাইছে।
.
আল হুজুৰাত-৪৯:৬
٦:٤٩
يَا أَيُّهَا الَّذِينَ آمَنُوا إِنْ جَاءَكُمْ فَاسِقٌ بِنَبَإٍ فَتَبَيَّنُوا أَنْ تُصِيبُوا قَوْمًا بِجَهَالَةٍ فَتُصْبِحُوا عَلَىٰ مَا فَعَلْتُمْ نَادِمِينَ
৪৯:৬
হে ঈমান্দাৰসকল! যদি কোনো ফাছিক্বে তোমালোকৰ ওচৰত কোনো বাৰ্তা লৈ আহে, তেন্তে তোমালোকে সেয়া পৰীক্ষা কৰি চাবা, যাতে এনে নহয় যে, অজ্ঞতাবশত তোমালোকে কোনো সম্প্ৰদায়ক আক্ৰমণ কৰি পেলাবা, ফলত তোমালোকৰ কৃতকৰ্মৰ বাবে তোমালোকেই অনুতপ্ত হ’ব লাগিব।
.

☺ক্ৰমশঃ ইন শ্বা আল্লাহ-ssis☺
.

Link.. https://youtu.be

Comments

Popular Posts