Salat-raf-bb
Salat. Bab bush-1
٨٧:١١
قَالُوا يَا شُعَيْبُ أَصَلَاتُكَ تَأْمُرُكَ أَنْ نَتْرُكَ مَا يَعْبُدُ آبَاؤُنَا أَوْ أَنْ نَفْعَلَ فِي أَمْوَالِنَا مَا نَشَاءُ ۖ إِنَّكَ لَأَنْتَ الْحَلِيمُ الرَّشِيدُ
১১:৮৭
সিহঁতে ক’লে, ‘হে ছুআইব! তোমাৰ ছালাতে তোমাক এই নিৰ্দেশ দিয়ে নেকি যে, আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল আমি সিহঁতক বৰ্জন কৰিব লাগিব আৰু আমি আমাৰ ধন-সম্পদ সম্পৰ্কে নিজ ইচ্ছামতে যি কৰো সেয়াও (বৰ্জন কৰিব লাগিব)? কেৱল তুমিহে সহিষ্ণু, সদাচাৰী’!
.
١٠٣:٩
خُذْ مِنْ أَمْوَالِهِمْ صَدَقَةً تُطَهِّرُهُمْ وَتُزَكِّيهِمْ بِهَا وَصَلِّ عَلَيْهِمْ ۖ إِنَّ صَلَاتَكَ سَكَنٌ لَهُمْ ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ
৯:১০৩
তুমি সিহঁতৰ সম্পদৰ পৰা ছাদাক্বা গ্ৰহণ কৰা। ইয়াৰ দ্বাৰা তুমি সিহঁতক পৱিত্ৰ কৰিবা আৰু পৰিশোধিত কৰিবা। লগতে তুমি সিহঁতৰ বাবে দুআ কৰা। তোমাৰ দুআ সিহঁতৰ বাবে প্ৰশান্তিকৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।
.
١٤:٢٠
إِنَّنِي أَنَا اللَّهُ لَا إِلَٰهَ إِلَّا أَنَا فَاعْبُدْنِي وَأَقِمِ الصَّلَاةَ لِذِكْرِي
২০:১৪
‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা।(reach out, to communicate).
.
١٦٢:٦
قُلْ إِنَّ صَلَاتِي وَنُسُكِي وَمَحْيَايَ وَمَمَاتِي لِلَّهِ رَبِّ الْعَالَمِينَ
৬:১৬২
কোৱা, ‘মোৰ ছালাত, মোৰ কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে’।
.
🎓The meaning of above four verses are different.
.
11:87 and 9:103 It is not saying to to establish salat.
.
🎓যেতিয়ালৈকে কোৰআনত আল্লাহে কোনো এটা বিষয়ৰ ওপৰত কি কৈছে তাৰ সম্পূৰ্ণ জ্ঞান কোৰআনৰ পৰা আহৰণ কৰিব নোৱাৰে তেতিয়ালৈকে সেই বিষয়ৰ ওপৰত নিজ ধাৰণা, অনুমান, অথবা কোৰআনৰ বাহিৰৰ কোনো হাদিসৰ কথাৰ কোনো মূল্য নাই।
⬇
٣٩:١٠
بَلْ كَذَّبُوا بِمَا لَمْ يُحِيطُوا بِعِلْمِهِ وَلَمَّا يَأْتِهِمْ تَأْوِيلُهُ ۚ كَذَٰلِكَ كَذَّبَ الَّذِينَ مِنْ قَبْلِهِمْ ۖ فَانْظُرْ كَيْفَ كَانَ عَاقِبَةُ الظَّالِمِينَ
১০:৩৯
বৰং সিহঁতে যি বিষয়ৰ জ্ঞান আয়ত্ত কৰা নাই সেইবোৰ সিহঁতে অস্বীকাৰ কৰিছে, আৰু যাৰ প্ৰকৃত পৰিণতি এতিয়াও সিহঁতৰ ওচৰত আহি পোৱা নাই। এইদৰেই সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, গতিকে চোৱা, যালিমসকলৰ কি পৰিণাম হৈছিল।
.
🎓 গতিকে কোৰআনতেই আল্লাহ তা'লাই দিয়া জ্ঞান পৰিপূৰ্ণহৈ আছে। সেয়েহে কোৰআনক কেৱল কোৰআনেহে ব্যাখ্যা কৰিব পাৰে।
.
কোৰআন আল্লাহৰ কিতাপ। গতিকে সুৰ লগাই পঢ়ি গলেই একো বুজিব নোৱাৰে। ইয়াৰ বাবে লাগিব জ্ঞান যাক আল্লাহ তা' লাইহে দিব পাৰে।
⬇⬇
٣٧:١٠
وَمَا كَانَ هَٰذَا الْقُرْآنُ أَنْ يُفْتَرَىٰ مِنْ دُونِ اللَّهِ وَلَٰكِنْ تَصْدِيقَ الَّذِي بَيْنَ يَدَيْهِ وَتَفْصِيلَ الْكِتَابِ لَا رَيْبَ فِيهِ مِنْ رَبِّ الْعَالَمِينَ
১০:৩৭
আৰু এই কোৰআন আল্লাহৰ বাহিৰে আন কাৰো ৰচনা হোৱা সম্ভৱ নহয়। বৰং ইয়াৰ আগত যি অৱতীৰ্ণ হৈছে এইটো তাৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ বিশদ ব্যাখ্যা। ইয়াত কোনো সন্দেহ নাই যে, এইটো সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (অৱতীৰ্ণ)।
⬇⬇
١١٤:٢٠
فَتَعَالَى اللَّهُ الْمَلِكُ الْحَقُّ ۗ وَلَا تَعْجَلْ بِالْقُرْآنِ مِنْ قَبْلِ أَنْ يُقْضَىٰ إِلَيْكَ وَحْيُهُ ۖ وَقُلْ رَبِّ زِدْنِي عِلْمًا
২০:১১৪
এতেকে প্ৰকৃত মালিক কেৱল আল্লাহ, অতি মহান, সৰ্বোচ্চ সত্তা। তোমাৰ প্ৰতি আল্লাহৰ অহী সম্পূৰ্ণ হোৱাৰ আগতেই তুমি কোৰআন পাঠ কৰিবলৈ খৰখেদা নকৰিবা আৰু কোৱা, ‘হে মোৰ ৰব! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া’।
,
🎓কোৰআনৰ ব্যাখ্যা কেৱল আল্লাহ তা'লাই হে কৰিব পাৰে কোনো মানুহে নোৱাৰে, আনকি ৰছুলেওঁ নোৱাৰে।
⬇
١٨:٢٤
وَيُبَيِّنُ اللَّهُ لَكُمُ الْآيَاتِ ۚ وَاللَّهُ عَلِيمٌ حَكِيمٌ
২৪:১৮
আৰু আল্লাহে তোমালোকৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
(ইয়াত ৰছুলে আঃ কোৰআন ব্যাখা কৰাৰ কথা কোৱা নাই)!
.........
Literally and non literally meaning of languages:-
28.58m
.
Comments
Post a Comment