Duas for salat.arfali

Arfan sir: A beautiful and wide encompassing duwa, we must memorise, we can recite in our salah:

رَبِّ أَوۡزِعۡنِيٓ أَنۡ أَشۡكُرَ نِعۡمَتَكَ ٱلَّتِيٓ أَنۡعَمۡتَ عَلَيَّ وَعَلَىٰ وَٰلِدَيَّ وَأَنۡ أَعۡمَلَ صَٰلِحٗا تَرۡضَىٰهُ وَأَدۡخِلۡنِي بِرَحۡمَتِكَ فِي عِبَادِكَ ٱلصَّٰلِحِينَ

তার কথা শুনে সুলায়মান মুচকি হাসলেন এবং বললেন, হে মোৰ পালনকর্তা, তুমি মোক সামর্থ্য দান কৰা যাতে মই তোমাৰ সেই নিয়ামতৰ কৃতজ্ঞতা প্রকাশ কৰিব পাৰো, যি তুমি মোক আৰু মোৰ পিতৃ-মাতৃক দান কৰিছা আৰু যাতে মই তোমাৰ পছন্দনীয় সৎকর্ম কৰিব পাৰো আৰু মোক নিজ অনুগ্রহত তোমাৰ সৎকর্মপৰায়ন বান্দাসকলৰ অন্তর্ভুক্ত কৰি দিয়া। (আন নামল ২৭:১৯)।

ছূলাইমান নবীয়ে আল্লাহৰ নিয়ামত লাভ কৰি যেতিয়া উপলব্ধি কৰিলে যে আল্লাহে এইবোৰৰ দ্বাৰা পৰীক্ষা কৰিব বিচাৰিছে তেতিয়া তেওঁ আল্লাহৰ ওচৰত এই দোৱা কৰিলে।
Arfan sir: وَوَصَّيۡنَا ٱلۡإِنسَٰنَ بِوَٰلِدَيۡهِ إِحۡسَٰنًاۖ حَمَلَتۡهُ أُمُّهُۥ كُرۡهٗا وَوَضَعَتۡهُ كُرۡهٗاۖ وَحَمۡلُهُۥ وَفِصَٰلُهُۥ ثَلَٰثُونَ شَهۡرًاۚ حَتَّىٰٓ إِذَا بَلَغَ أَشُدَّهُۥ وَبَلَغَ أَرۡبَعِينَ سَنَةٗ قَالَ رَبِّ أَوۡزِعۡنِيٓ أَنۡ أَشۡكُرَ نِعۡمَتَكَ ٱلَّتِيٓ أَنۡعَمۡتَ عَلَيَّ وَعَلَىٰ وَٰلِدَيَّ وَأَنۡ أَعۡمَلَ صَٰلِحٗا تَرۡضَىٰهُ وَأَصۡلِحۡ لِي فِي ذُرِّيَّتِيٓۖ إِنِّي تُبۡتُ إِلَيۡكَ وَإِنِّي مِنَ ٱلۡمُسۡلِمِينَ

https://quran.com/46/15 &16
আমি মানুহক তাৰ পিতৃ-মাতৃৰ সৈতে সদ্ব্যবহাৰৰ আদেশ দিছো। তাৰ মাকে তাক কষ্টসহকাৰে গর্ভত ধাৰণ কৰিছে আৰু কষ্টসহকাৰে প্রসৱ কৰিছে। তাক গর্ভত ধাৰণ কৰোতে আৰু তাৰ স্তনপান এৰাওতে লাগিছে ত্রিশ মাহ। অৱশেষত তেওঁ যেতিয়া শক্তি-সামর্থ্যত, বয়সত  চল্লিশ বছৰত উপনীত হল তখন কব ধৰিলে, হে মোৰ পালনকর্তা, মোক এনেকুৱা  সামৰ্থ্য দান কৰা, যাতে মই তোমারৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰো, যি তুমি দান কৰিছা মোক আৰু মোৰ পিতৃ-মাতৃক; আৰু যাতে মই তোমাৰ পছন্দনীয় সৎকৰ্ম কৰো। মোৰ সন্তানসকলক সৎকর্মপৰায়ণ কৰি দিয়া, মই তোমাৰ প্রতি তাওবাহ কৰিলো আৰু মই আজ্ঞাবহসকলৰ অন্যতম। (আল আহক্বাফ 46:15)।

গতিকে আমি সকলোৱে এই আয়াতত থকা দোৱাটো হৃদয়ঙ্গম কৰাটো খুবেই জৰুৰী.। অতি সুন্দৰ হৃদয় চুই যোৱা অৰ্থবহ দোৱা আল্লাহে শিকাই দিছে.....

এই দোৱা পঢ়িলে তাৰ কি পৰিণাম হব তাকো আল্লাহ তা'লাই পৰৱৰ্তী আয়াতত কৈ দিছে চাওঁক তলত......

رَبِّ أَوۡزِعۡنِيٓ أَنۡ أَشۡكُرَ نِعۡمَتَكَ ٱلَّتِيٓ أَنۡعَمۡتَ عَلَيَّ وَعَلَىٰ وَٰلِدَيَّ وَأَنۡ أَعۡمَلَ صَٰلِحٗا تَرۡضَىٰهُ وَأَصۡلِحۡ لِي فِي ذُرِّيَّتِيٓۖ إِنِّي تُبۡتُ إِلَيۡكَ وَإِنِّي مِنَ ٱلۡمُسۡلِمِينَ

হে মোৰ পালনকর্তা, মোক এনেকুৱা  সামৰ্থ্য দান কৰা, যাতে মই তোমারৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰো, যি তুমি দান কৰিছা মোক আৰু মোৰ পিতৃ-মাতৃক; আৰু যাতে মই তোমাৰ পছন্দনীয় সৎকৰ্ম কৰো। মোৰ সন্তানসকলক সৎকর্মপৰায়ণ কৰি দিয়া, মই তোমাৰ প্রতি তাওবাহ কৰিলো আৰু মই আজ্ঞাবহসকলৰ অন্যতম। (আল আহক্বাফ 46:15)।

এই দোৱা পঢ়িৱে পৰিণাম কি হব......

أُوْلَٰٓئِكَ ٱلَّذِينَ نَتَقَبَّلُ عَنۡهُمۡ أَحۡسَنَ مَا عَمِلُواْ وَنَتَجَاوَزُ عَن سَيِّ‍َٔاتِهِمۡ فِيٓ أَصۡحَٰبِ ٱلۡجَنَّةِۖ وَعۡدَ ٱلصِّدۡقِ ٱلَّذِي كَانُواْ يُوعَدُونَ

আমি এনেকুৱা লোকসকলৰ সুকর্মবোৰ কবুল কৰো আৰু বেয়া বা মন্দকর্মবোৰ মার্জনা কৰো। তেওঁলোক জান্নাতীসকলৰ তালিকাভুক্ত সেই সত্য ওৱাদাৰ কাৰণে যি তেওলোকক দিয়া হৈছে। (46:16)।
.
Next...
.
দোৱা::

وَإِذَا سَمِعُواْ مَآ أُنزِلَ إِلَى ٱلرَّسُولِ تَرَىٰٓ أَعۡيُنَهُمۡ تَفِيضُ مِنَ ٱلدَّمۡعِ مِمَّا عَرَفُواْ مِنَ ٱلۡحَقِّۖ يَقُولُونَ رَبَّنَآ ءَامَنَّا فَٱكۡتُبۡنَا مَعَ ٱلشَّٰهِدِينَ

আৰু তেওঁলোকে ৰাছূলৰ প্রতি যি অৱতীর্ণ হৈছে, সেয়া যেতিয়া শুনে, তেতিয়া আপুনি তেওঁলোকৰ চকু অশ্রু সিক্ত দেখিবলৈ পাব; এই কাৰণে যে, তেওঁলোকে সত্যক চিনিব পাৰিছে। তেওঁলোকে কয়: হে আমাৰ প্রতি পালক, আমি মুছলিম হৈ গলো। গতিকে, আমাকো মান্যকাৰীসকলৰ তালিকাভুক্ত কৰি নিয়ক। (আল মাইদাহ ৫:৮৩)।

رَبَّنَآ ءَامَنَّا بِمَآ أَنزَلۡتَ وَٱتَّبَعۡنَا ٱلرَّسُولَ فَٱكۡتُبۡنَا مَعَ ٱلشَّٰهِدِينَ

হে আমাৰ পালনকর্তা! আমি সেই বিষয়ৰ প্রতি বিশ্বাস স্থাপন কৰিছো যি তুমি নাযিল কৰিছা, আমি ৰাছূলৰ আনুগত্য কৰিছো। গতিকে, আমাক মান্যকাৰীসকলৰ তালিকাভুক্ত কৰি নিয়া। (আল ইমৰাণ ৩:৫৩)।

Comments

Popular Posts